কবি-কণ্ঠত
এৰি থৈ অহা দীঘলীয়া এটা বাট বুকুত মোৰ নীলাজি বনৰ আৰু তই অবুজ অভিমানি তেতিয়া তই তই হৈ উঠা নাছিলি আৰু মই মই হৈ উঠা নাছিলো কাঁইটীয়া সুবাস হাজাৰ পখিলাৰ মাজত আছিলো ফুলৰ সুবাসত উটি-ভাঢ়ি তই মনৰ খোবুলিত আছি লি এটা সপোন হৈ। গছকি ফেনেকি কৰিছিলো মনৰ পথাৰ বোকা কিমান যে বালো বাটকুৰি মিছাক সঁচা কৰিবলৈ সঁচাক সিঁছি দিবলৈ সুখবোৰক সজাবলৈ দুখবোৰক ঢাকি থবলৈ সঁচা জীৱনৰ চাকি গছি পোহৰাই তুলিবলৈ। ✍নাং ননী বৰুৱা গগৈ টেঙাখাত