ৰ'দ নাই



ৰ'দ নাই

বৰষুনে বাৰুকৈ জুৰুলা কৰিছে 

চৰাইৰ চোতাল ঘৰ


ৰ'দ নাই

বৰষুণে বাৰুকৈ কঁপাই তুলিছে

কঁপহুৱা আঁচলৰ বুকুখনি


ৰ'দ নাই

নাই যে নাই পষেক দিন

কৈতালিত বন হাবি 

নাই যে নাই ৰ'দ

ভৰুন শৈলুৱৈ 


ৰ'দ নাই

সেমেকি আছে চকুত চকু

ভিজা দুহাতত নজ্বলে

উধানৰ খৰি

নবহে চৰু ।

                    ✍ৰতন শদিয়াল

Comments

Post a Comment

Popular posts from this blog

কবি-কণ্ঠত