চৌদিশে আজি কি?
এইয়া মৃত্যুৰ কিৰিলি,
কেতিয়াবা গৃহিণীৰ উৰুলি
চৌদিশে আজি কি ?
কান্দোনৰ ৰোল পুৱা-গধূলি
ঠাইতে ঢলিছে
ঠাইতে পৰিছে
উশাহ হৈছে চুটি
চৌদিশে এয়া কি?
প্ৰকৃতিৰ বিৰুদ্ধে অত্যাচাৰৰ চৰম পৰিণতি
পাৰ হওক বেয়া সময়
আদৰো নতুনক
ভাল হওক পৃথিৱী।
~ ভাগ্যশ্ৰী বৰা

Comments
Post a Comment