সেউজীয়া মোৰ প্ৰিয়
সেউজীয়া মোৰ প্ৰিয়
সেয়ে কোনোবা আপোন
হ'ব খুজিলে
প্ৰথমে তেওঁৰ বুকুত
খেপিয়াই চাওঁ
আছেনে মই
শুব পৰাকৈ পৰ্যাপ্ত
সেউজীয়া
লাগিলে তেওঁ হওঁক
অন্ধ বা
প্ৰতিবন্ধী বা
তেওঁৰ মুখত
থুপ খাই থাকক
পৃথিৱীৰ সমগ্ৰ যন্ত্ৰণা
কোনো কথা নাই
মাথো তেওঁৰ
বুকুত থাকিব লাগিব
সেউজীয়া আৰু সেউজীয়া
আপুনি হয়তো ক'ব পাৰে
মই স্বাৰ্থপৰ !
অৱশ্যেই, এইক্ষেত্ৰত
মই কোনো আপোচ
কৰিব নিবিচাৰো
কিয়নো,
সেউজীয়া মোৰ প্ৰিয়।
~ গৌতম শইকীয়া

সুন্দৰ
ReplyDelete