Posts

Showing posts from May, 2021

সেউজীয়া মোৰ প্ৰিয়

Image
সেউজীয়া মোৰ প্ৰিয় সেয়ে কোনোবা আপোন  হ'ব খুজিলে প্ৰথমে তেওঁৰ বুকুত  খেপিয়াই চাওঁ  আছেনে মই  শুব পৰাকৈ পৰ্যাপ্ত  সেউজীয়া  লাগিলে তেওঁ হওঁক  অন্ধ বা প্ৰতিবন্ধী বা তেওঁৰ মুখত  থুপ খাই থাকক  পৃথিৱীৰ সমগ্ৰ যন্ত্ৰণা  কোনো কথা নাই মাথো তেওঁৰ  বুকুত থাকিব লাগিব  সেউজীয়া আৰু সেউজীয়া আপুনি হয়তো ক'ব পাৰে  মই স্বাৰ্থপৰ  ! অৱশ্যেই, এইক্ষেত্ৰত মই কোনো আপোচ  কৰিব নিবিচাৰো  কিয়নো,  সেউজীয়া মোৰ প্ৰিয়।                              ~ গৌতম শইকীয়া

চৌদিশে আজি কি?

Image
এইয়া মৃত্যুৰ কিৰিলি,  কেতিয়াবা গৃহিণীৰ উৰুলি চৌদিশে আজি কি ? কান্দোনৰ ৰোল পুৱা-গধূলি ঠাইতে ঢলিছে ঠাইতে পৰিছে  উশাহ হৈছে চুটি  চৌদিশে এয়া কি?  প্ৰকৃতিৰ বিৰুদ্ধে অত্যাচাৰৰ চৰম পৰিণতি  পাৰ হওক বেয়া সময়  আদৰো নতুনক  ভাল হওক পৃথিৱী।                                    ~ ভাগ্যশ্ৰী বৰা

কাব্যবীথিকা, তৃতীয় বছৰ, সপ্তম সংখ্যা

Image